সাধাৰণতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৮ প্ৰকাৰৰ । সকলো বোৰ শাস্ত্ৰীয় নৃত্যৰ বিষয়ে চমু আভাষ আলোচনা কৰা হল।
ভাৰতনাট্যম
ভাৰতনাট্যম : ভাৰতনাট্যম আমাৰ দক্ষিণ ভাৰত ৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰতনাট্যম হয়। অন্যান্য ভাৰতীয় নৃত্যধাৰাৰ দৰে ভাৰতনাট্যমৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। ভৰত মুণিয়ে তৃতীয় শতিকাত ৰচনা কৰা ‘নাট্যশাস্ত্ৰ’ৰ পৰা ভাৰতনাট্যমৰ কিছুমান কৌশল, মুদ্ৰা আৰু সংজ্ঞা লোৱা হৈছে। ভাৰতনাট্যম প্ৰথমাৱস্থাত মন্দিৰৰ দেৱদাসীসকলে পৰিৱেশন কৰিছিল। ষোড়শ শতিকাত দেৱদাসী প্ৰথা লোপ পোৱাৰ পিছত ভাৰতনাট্যমৰো চৰ্চা কমি আহে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত চিন্নায়া, পুন্নিয়া, ভাদিভেলু আৰু শেৱনন্দম নামৰ চাৰিজন প্ৰতিভাবান নৰ্তক ভাতৃয়ে অনেক অনুসন্ধান তথা গৱেষণাৰ অন্তত ‘দাসী আট্টম’ নামেৰেও পৰিচিত এই নৃত্যকলাক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকে জনপ্ৰিয় কৰি তোলা এই নৃত্যই পিছলৈ ভাৰতনাট্যম নামেৰে প্ৰসিদ্ধ হয়। ভাৰতনাট্যম সাধাৰণতে নাৰীয়ে পৰিবেশন কৰে যদিও পৰম্পৰাগতভাৱে এই নৃত্যৰ গুৰু পুৰুষহে। ভাৰতনাট্যম নৃত্য পূৰ্ণাঙ্গ ৰূপত পৰিবেশন কৰিবলৈ প্ৰায় দুঘণ্টা লাগে।
সঁচাকৈ এই নৃত্য অতি সুন্দৰ।
ভাৰত নাট্যম নৃত্যৰ বিভিন্ন ভাগ সমূহ:
এই নৃত্যৰ ছটা ভাগ আছে। সেইকেইটা হ’ল: আল্লাৰিপ্পু, যতিস্বৰম, শব্দম, বৰ্ণম, অভিনয়ম আৰু তিল্লানা। এই নৃত্য আংগিক আৰু ৰসৰ বিচাৰত নাৰীৰ কামনা, আনন্দ আৰু বিচ্ছেদ সম্বলিত শৃংগাৰ ৰসৰ নাচ। নৃত্যৰ মূল চৰিত্ৰ কৃষ্ণ যদিও বিষ্ণু আৰু শিৱৰ উদ্দেশ্যেও নৃত্য আছে। এই নৃত্যৰ সৈতে গীত গোৱা হয়। আনুষংগিক বাদ্য হিচাপে থাকে বীণা, মৃদংগ, বাঁহী, বেহেলা, মন্দিৰা আদি। ভাৰতনাট্যম নৃত্যৰ বাবে বিশিষ্ট পোছাক আছে। শাৰীখনক এই নৃত্যত ধুতিৰ দৰে পিন্ধা হয়।
ভাৰতৰ প্ৰসিদ্ধ ভাৰতনাট্যম নৃত্যশিল্পীসকল:
১/মীনাক্ষী সুন্দৰম পিল্লাই
২/টি বালাসৰস্বতী
৩/ৰুক্মিনী দেৱী
৪/যামিনী কৃষ্ণমূৰ্তি
৫/শান্তা ৰাও
২/ কুচিপুড়ি নৃত্য
কুচিপুড়ি (ইংৰাজী: Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়। সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান শ্ৰীকৃষ্ণৰ পত্নী সত্যভামাৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে।কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। বৰ্তমান সময়ত কুচিপুড়ি একক, দ্বৈত আৰু দলগতভাৱে প্ৰদৰ্শন কৰা হয়। পুৰণিকালত ইয়াক দলগত ভাৱে প্ৰতিজন নাট্যকাৰে বিভিন্ন চৰিত্ৰ লৈ নৃত্যনাটিকা হিচাপেহে প্ৰদৰ্শন কৰিছিল।
কিছু প্ৰসিদ্ধ কুচিপুড়ি নৃত্য শিল্পী
বেদান্তম সত্যনাৰায়ণ
যামিনী কৃষ্ণমূৰ্তি
ৰাজা ৰেড্ডী
ৰাধা ৰেড্ডী।
৩/ওডিছী নৃত্য
ওডিছী নৃত্য (ইংৰাজী: Odissi Dance) ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আৰু বিকাশ হৈছিল উৰিষ্যাত। মূলতঃ মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰা এই নৃত্যই পাছলৈ ৰাজসভাতো ঠাই পায়। ওডিছী নৃত্যত মুঠ ১০৮ বিধ মূল নৃত্য শৈলী পোৱা যায়। উৰিষ্যাৰ ভুৱনেশ্বৰ, কোণাৰ্ক আৰু পুৰীৰ মন্দিৰৰ বেৰত এই নৃত্যৰ বহু ভংগিমা খোদিত কৰা দেখা পোৱা যায়। ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ লগত ওডিছী নৃত্যৰ মূল ভংগিমাৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। এই নৃত্যৰ মূল স্থায়ী ভংগীমা হ’ল ত্ৰিভঙ্গ। ভূমি প্ৰণামেৰে আৰম্ভ কৰি বিঘ্নৰাজ পূজা, বুট নৃত্য, ইষ্টদেৱ বন্দনা, স্বৰ পল্লৱী নৃত্য, মাভিনয় নৃত্য আৰু শেষত দ্ৰুত লয়ত ডাৰিঝম অংশ পৰিবেশন কৰি নৃত্যৰ সমাপ্তি কৰা হয়। পাখোৱাজ, বাঁহী, তানপুৰা, ব্ৰহ্মবীণা, মৃদংগ, ঘণ্টিতাল আদি ওডিছী নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ। এই নৃত্যত কটিবেণী, পুষ্পচূড়া আৰু অৰ্ধবক্তক এই তিনিশ্ৰেণীৰ কেশসজ্জা কৰা হয়। পোছাকৰ ক্ষেত্ৰত পাটৰ শাৰী, ব্লাউজ, নীবিবন্ধ, বকুল কালিকা, নাগপাশ, মাথামণি, কিংকিনী, কৰকংকন আদিৰ ব্যৱহাৰ কৰা হয়।
ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ ওডিছী নৃত্যশিল্পী
ভাৰতৰ বহুতো প্ৰসিদ্ধ ওডিছী নৃত্য শিল্পী আছে তাৰে ভিতৰত তলত কেইজন মানৰ নাম উল্লেখ কৰা হল।
- ইন্দ্ৰাণী ৰহমান
- কস্তুৰী পট্টানাইক
- কেলুচৰণ মহাপাত্ৰ
- বৈশালী মহান্তি
- মধুমিতা ৰাউত
- মিনতি মিশ্ৰ
- সোণাল মানসিং
৪/কথক নৃত্য (ইংৰাজী: Kathak Dance) কথক নৃত্য হৈছে আমাৰ ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। ইয়াৰ কিছু আভাস আমি আলোচনা কৰিম। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অৰ্থ হৈছে কথাৰ বৰ্ণনা দিয়া। আদিতে ঘাইকৈ মন্দিৰসমূহৰ ভিতৰত সীমাবদ্ধ থকা এই নৃত্যশৈলীয়ে মোগলসকলৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আধ্যাত্মিক দিশৰ পৰা আহি মনোৰঞ্জনৰ আহিলা হৈ পৰে। কথকত তিনিটা ঘৰানা (সংগীত-নৃত্যৰ পৰম্পৰা) সৰ্বাধিকভাৱে প্ৰচলিত। সেইকেইটা হ’ল : লক্ষ্ণৌ ঘৰানা, জয়পুৰ ঘৰানা আৰু বাৰাণসী ঘৰানা। ঘাইকৈ শ্ৰী কৃষ্ণৰ লীলা প্ৰকাশক এই নৃত্যত শৃংগাৰ ৰস আৰু লয়ৰ প্ৰাধান্য দেখা পোৱা যায়। ঘৰানা আৰু অঞ্চলভেদে কথক নৃত্যৰ পৰিবেশন ৰীতিত কিছু পাৰ্থক্য দেখা পোৱা যায়। মূলত লয় প্ৰধান নৃত্য হ’লেও এই নৃত্যত প্ৰচণ্ড দেহ ভংগী আৰু দৃঢ় পদ সঞ্চালনৰ প্ৰচুৰ অনুশীলনৰ প্ৰয়োজন হয়। কথক নৃত্যত সংগদ বাদ্য হিচাপে তবলা, পাখোৱাজ মৃদংগ, সাৰেংগী আদি পৰিবেশন কৰা হয়। পুৰুষ নৃত্যশিল্পী সকলে কাপখোৱা পায়জামা, অংগ ৰখা আদি পৰিধান কৰাৰ বিপৰীতে মহিলা নৃত্যশিল্পী সকলে পৰিধান কৰে শাৰী, কাপখোৱা পায়জামা, উৰ্ণা, বিভিন্ন ধৰণৰ গহনা আদি!
কথক নৃত্য
নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত আঠটা শাস্ত্ৰীয় নৃত্যকলাৰ ভিতৰত অন্যতম। এই নৃত্যৰ জন্ম হৈছিল কেৰালাত। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাত উদ্ভৱ হোৱা এই নৃত্যকলা প্ৰধানকৈ নাৰীসকলে এককভাৱে পৰিবেশন কৰে।
মোহিনীঅট্টম শব্দটিৰ আক্ষৰিক অৰ্থ বিচাৰ কৰিলে দেখা যায় মোহিনী অৰ্থাৎ মোহনীয় নাৰী আৰু অট্টম শব্দৰ অৰ্থ লালিত্যপূৰ্ণ আৰু কমনীয় দেহ ভংগীমা। অন্যান্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দৰে এই নৃত্যৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। পৌৰাণিক আখ্যানত মোহিনী চৰিত্ৰটিৰ দুই স্থানত উল্লেখ পোৱা যায়। সমুদ্ৰ মন্থনৰ সময়ত অসুৰৰ হাতৰ পৰা অমৃত উদ্ধাৰৰ হেতুকে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰা বুলি জনা যায়।
আন এক আখ্যান মতে শিৱৰ বৰত বলিয়ান হোৱা ভস্মাসুৰক নাশ কৰাৰ উদ্দেশ্যে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। মোহিনীঅট্টম নৃত্যৰ প্ৰধান চৰিত্ৰ মোহিনীৰূপী বিষ্ণু। বিষ্ণু বা কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰাৰ ভাৱধাৰাকে মোহিনীঅট্টম নৃত্যৰ জৰিয়তে পৰিবেশন কৰা হয়। মন্দিৰৰ দেৱদাসীসকলৰ দ্বাৰা পোনতে পৰিবেশিত এই নৃত্যত অভিনয় আৰু নৃত্যৰ সংমিশ্ৰণ ঘটিছে। নৃত্যশিল্পী সকলে নৃত্য লগতে সংলাপো পৰিবেশন কৰে। প্ৰথমাৱস্থাত কেৱল মন্দিৰৰ দেৱদাসীসকলৰ মাজতে এই নৃত্য সীমাবদ্ধ আছিল।
ইতিহাস মূলক বিবৰণ
মোহিনীঅট্টম নৃত্যই পিছলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰি প্ৰচাৰ আৰু বিকাশ লাভ কৰে। দক্ষিণ কেৰালা প্ৰদেশৰ ৰজা স্বাথী থীৰুনেল মোহিনীঅট্টম নৃত্যৰ প্ৰধান পৃষ্ঠপোষক আছিল। এইজনা ৰজাৰ দিনতে মোহিনীঅট্টম নৃত্য পৰিবেশনৰ উদ্দেশ্যে যথেষ্টসংখ্যক গীতি নৃত্য-নাটিকাৰ ৰচনা কৰা হয়। মালায়ালাম কবি ভাল্লাথলে ১৯৩০ চনত কেৰালা কলামণ্ডলম নামেৰে নৃত্য চৰ্চাৰ বিদ্যালয় স্থাপন কৰি মোহিনীঅট্টম নৃত্যৰ প্ৰচাৰত যথেষ্ট অৰিহণা যোগায়। লয়লাস ভংগীমাৰে ভগৱান বিষ্ণুৰ গুণানুকীৰ্তন কৰা এই নৃত্যত নৃত্যশিল্পীয়ে উজ্জল সোণালী পটিবিশিষ্ট বগা শাৰী পৰিধান কৰে। এই নৃত্যৰ প্ৰধান ভংগীমা ৪০ টা আৰু এইবোৰক ‘আটাভোকল’ নামেৰে জনা যায়। ‘হস্ত লক্ষণদীপিকা’ নামৰ ধ্ৰুপদী গ্ৰন্থৰ পৰা এই নৃত্যৰ বিভিন্ন মুদ্ৰাবোৰ গ্ৰহণ কৰা হৈছে।